November 6, 2025 10:49 AM

views 37

প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা

● প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা আগবঢ়োৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়োৱা এই বঁটা অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰীত হ'বলগীয়া চ্যুকাফা মহোৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিবছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ আর্থসামাজিক, সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা একোগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে।

November 6, 2025 10:46 AM

views 39

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামত ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ লগতে অৰুণাচল প্রদেশ, অসম, মেঘালয়, আৰু নাগালেণ্ডৰ অঞ্চলবিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান...

November 4, 2025 10:51 AM

views 51

■ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে

● চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ আজি কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে। বিমানবন্দৰত বাঁহী বাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনায়৷ ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ লৈ অহা হৈছে। বাসগৃহত আত্মীয়-স্বজনে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনোৱাৰ পাছত অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত শিল্পীগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। নৱগ্ৰহ শ্মশানত আজি বিয়লি ৰাজ্যিক মর্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্...

November 4, 2025 10:48 AM

views 67

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন

● ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কামৰূপ জিলাৰ জিলা সংহত কাৰ্যালয়ৰ সন্মুখত কাইল...

November 4, 2025 10:44 AM

views 28

■ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতৰ ২গৰাকী অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

◆ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্‌ছ' আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুর্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচেৰাক এই ৰায় দিয়াৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমণা বিহে। জৰিমণা আদায় নকৰিলে দুয়োগৰাকী অপৰাধীয়ে অতিৰিক্ত এবছৰকৈ কাৰাদণ্ডৰ শাস্তি ভূগিব লাগিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২ আগষ্টত চিৰাং জিলাৰ ভাৰত-ভূটান সীম...

November 4, 2025 10:41 AM

views 28

■ দমদমা মহাবিদ্যালয়ত কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত

● দমদমা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত দমদমা মহাবিদ্যালয়ত কালি কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত সমল ব্যক্তি হিচাপে বিশিষ্ট আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱণী বৰা আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্রজিৎ দাস উপস্থিত থাকে। দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শর্মাই উদ্বোধন কৰা এই অনুষ্ঠানত কামৰূপ জিলা সাহিত্য সভা আৰু দমদমা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি ম...

November 4, 2025 10:38 AM

views 29

বতৰৰ বতৰা-● অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থাকিব

● অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থাকিব স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মেঘালয়, মণিপুৰ আৰু মিজোৰামত ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ লগতে অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বতৰ শুক...

October 28, 2025 11:25 AM

views 48

মন্থা ঘূৰ্ণীবতাহত ক্ষতিগ্রস্ত অঞ্চলসমূহত সহায় আগবঢ়াবলৈ দলীয় গোটসমূহক নির্দেশ জে পি নাড্ডাৰ

■ মন্থা ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্রস্ত অঞ্চলসমূহত প্রয়োজনীয় সহায় আৰু সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই দলীয় গোটসমূহক নির্দেশ দিছে। ক্ষতিগ্রস্ত অঞ্চলসমূহত স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি সাহায্য-সামগ্ৰী আৰু স্বাস্থ্যসেৱা প্ৰদানৰ বাবে দলীয় কর্মকর্তাসকলক বিশেষ ভূমিকা গ্রহণ কৰিবলৈ শ্ৰীনাড্ডাই আহ্বান জনাইছে। তেওঁ লগতে ঘূর্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ লগতে তেওঁলোকৰ সুৰক্ষা আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিবলৈ প্ৰতিট...

October 28, 2025 11:16 AM

views 44

ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস পালন

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কালি ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। যোৱা দুই অক্টোবৰত জিলা প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছিল যদিও কালি এই দিৱস বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনোৱাৰ লগতে জিলা প্ৰশাসনৰ আটাইবোৰ বিষয়া-কৰ্মচাৰীয়ে শিল্পীগৰাকীৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। বিশিষ্ট অতিথি পেইম থি গোহাঁয়ে ডিব্ৰুগড় জিলাৰ ইতিহাস সন্দৰ্ভত আলোকপাত কৰে। জিল আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ...

October 28, 2025 11:12 AM

views 59

বতৰৰ বতৰা-

বতৰৰ বতৰা- স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৩ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, মেঘালয়, মণিপুৰ আৰু মিজোৰামত ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ লগতে ত্ৰিপুৰাত বতৰ শুকান হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।