November 18, 2025 1:15 PM

views 58

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ২২ নৱেম্বৰৰ পৰা বি এল অ' সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি- পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভ...

November 18, 2025 1:12 PM

views 42

অসমলৈ ২০২৭ চনত প্ৰদৰ্শনৰ বাবে অনা হ’ব ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ

■ অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ ২০২৭ চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত কালি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত চুক্তি সম্পন্ন হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংগ্ৰহালয়ৰ কৰ্তৃপক্ষৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ সহযোগীসকলে সৃষ্টি কৰা এই আপুৰুগীয়া বস্ত্ৰখন লণ্ডনৰ সংগ্ৰহালয়ৰ পৰা অসমত ডেৰ বছৰৰ বাবে প্ৰদৰ্শন কৰিবলৈ অনা হ'ব। ইয়াৰ আগেয়ে খানাপাৰাত ইতিমধ্যে চৰকাৰে আবণ্টন দিয়া ভূমিত জে ডব্লিউ এছ ফাউণ্ডেচনে এটা অত্যাধুনিক সংগ্রহালয় গঢ...

November 17, 2025 7:23 PM

views 95

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন

অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ...

November 17, 2025 6:45 PM

views 31

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকসকলক পর্যাপ্ত সময় দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত দখলমুক্ত নকৰিলে প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হ'ব।

November 17, 2025 6:42 PM

views 41

প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ

গুৱাহাটীৰ টাডা আদালতে আজি প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে। এটা অপহৰণৰ গোচৰত অভিযুক্ত দৃষ্টি ৰাজখোৱাই আজি আদালতত হাজিৰ হয়। আদালতে দুজন জামিনদাৰ আৰু প্রত্যকৰে এক লাখ টকাৰ জৰিমণাৰ বিনিময়ত ৰাজখোৱাক জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে ১৯৯৩ চনত কাৰ্বি আংলং জিলাৰ খেৰণিত কানহায়ালাল গুপ্তা নামৰ এজন ৰে'লৱেৰ ঠিকাদাৰক অপহৰণৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে দৃষ্টি ৰাজখোৱাসহ আন কেইবাজনৰো বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। আদালতে গোচৰ সংক্ৰান্তত হাজিৰ হোৱা বাবে দৃষ্টি ৰাজখোৱালৈ চমন জাৰি কৰিছিল য...

November 17, 2025 6:39 PM

views 31

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমৰ জিলাকেইখনত প্ৰতিবাদ অব্যাহত আছে। আজি দিছপুৰ প্ৰেছ ক্লাবত টাই আহোম যুৱ পৰিষদ অসমে এখন সংবাদমেলত অনুষ্ঠিত কৰি জনজাতিকৰণৰ দাবী সজোৰে উত্থাপন কৰে। এই দাবী পূৰণ নহ'লে অনাগত সময়ত আন্দোলন তীব্ৰ কৰি তোলা হ'ব বুলিও তেওঁলোকে লগতে উল্লেখ কৰে।

November 17, 2025 6:25 PM

views 28

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত ধেমাজি জিলাৰ প্রথম স্থান লাভ

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত শেহতীয়াকৈ ধেমাজি জিলাই প্রথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত জিলাখনে কৃষি স্বাস্থ্য, গ্রামোন্নয়ন, শিক্ষা আৰু সামাজিক কল্যান ক্ষেত্ৰত পাৰদৰ্শিতাৰে ৬৫.৯৬ শতাংশৰে ফলাফলৰ তালিকাৰ শীৰ্ষ স্থানত আছে। ৬৫.৮৬ শতাংশৰে শিৱসাগৰ জিলা তালিকাৰ দ্বিতীয় স্থান লাভ কৰিছে। জিলাসমূহৰ ভিতৰত ১৮ টা বিভাগৰ ৫০ টা শিতানত এই মূল্যায়ন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম উন্নয়ন আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰ...

November 17, 2025 6:15 PM

views 19

তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হৈছে। বিয়লি আৰ এছ এছৰ মুৰববীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদৰ্শনালয়ত উপস্থিত হয়। সংঘৰ শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ডাঃ ভাগৱতে সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদর্শনালয়ত বৌদ্ধিক মত-বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই মত-বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী তথা কাকত-আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্রণ জন...

November 17, 2025 6:04 PM

views 35

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষ...

November 17, 2025 6:01 PM

views 42

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ ওপজা দিন উদযাপন কৰিবলৈ লৈছে। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রীয়ে ইতিপূর্বে প্রকাশ কৰিছে। ৰাজ্যিক বিজেপিয়ে কাইলৈ ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান আৰু তেজৰ গ্ৰুপ চিনাক্ত কৰাৰ বাবে জীৱন সুৰভি নামেৰে শিবিৰৰ আয়োজন কৰিছে। দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই কাইলৈ পুৱা ৯ ব...