January 23, 2026 5:02 PM
10
পৰম্পৰাগত ৰীতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সৰস্বতীৰ পূজা উদযাপন
■ সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অৰ্চনা কৰা হৈছে। ধৰ্মীয় ৰীতি-নীতিৰে মা সৰস্বতীক আকর্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত ছাত্ৰ-ছাত্ৰীসকলে আশীষ গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। সৰস্বতী পূজা উপলক্ষ্যে ছাত্র...