December 10, 2025 11:08 AM

views 299

আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন

● ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহু লোকে জীৱন হেৰুৱাইছিল। বহু লোক কাললৈ ঘূণীয়া হৈছিল। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ ছহিদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ ছহিদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হি...

December 6, 2025 8:40 PM

views 16

জলবায়ু বিজ্ঞানী তথা অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ

খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক অধ্যাপক ভূপেন্দ্রনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্রধানমন্ত্ৰী প্ৰফেচৰশ্বিপ আগবঢ়োৱা হৈছে। অনুসন্ধান নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ বিষয়া ড০ শিৱকুমাৰ কল্যাণ ৰমনে এই কথা ঘোষণা কৰিছে। দেশৰ শ্ৰেষ্ঠ অৱসৰপ্ৰাপ্ত বিজ্ঞানী, অভিজ্ঞ গৱেষক আৰু উদ্যোগ বিশেষজ্ঞসকলক গৱেষণামুখী বিশ্ববিদ্যালয়সমূহত নিযুক্ত কৰাই এই প্ৰফেচৰশ্বিপৰ মূল উদ্দেশ্যে। গুৱাহাটী বিশ্বাবিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই এটা শুভেচ্ছামূ...

December 6, 2025 8:37 PM

views 15

ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান সেৱাত খেলিমেলিৰ বাবে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যাত্ৰীসকল আজিও চৰম অসুবিধাৰ সন্মুখীন

ইণ্ডিগ' এয়াৰলাইনছৰ বিমান সেৱাত হোৱা খেলিমেলিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো যাত্ৰীসকলে আজিও চৰম অসুবিধাৰ সন্মুখীন হয়। বিমানৰ উৰণ আৰু অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে বিমান বন্দৰতে ঘণ্টা ঘণ্টা জুৰি সময় অতিবাহিত কৰিবলগা হৈছে। এনে খেলিমেলিৰ বাবে ৰাজ্যৰ ৮গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হয়। অহা ৮ ডিচেম্বৰৰ পৰা গুজৰাটত হ'বলগীয়া চতুর্থ মিনি নেচনেল বেডমিণ্টন প্রতিযোগিতাত অংশ ল'বলৈ নাহৰ...

December 6, 2025 8:29 PM

views 15

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি বশিষ্ঠ নদীৰ সুৰক্ষাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে বশিষ্ট মন্দিৰৰ চৌহদত ছাত্ৰ সংগঠনটোৱে ছাফাই কাৰ্যসূচী ৰূপায়ণ কৰে । পাছত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই বশিষ্ঠ নদীৰ পাৰত অবৈধ দখলসমূহ বেদখলমুক্ত কৰি বিজ্ঞানসন্মতভাৱে নৈখনৰ সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

December 6, 2025 7:34 PM

views 22

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি প্রশাসনিক বিষয়াসকলৰ সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ

অহা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত দিলীপ গৌৰৱকে ধৰি জ্যেষ্ঠ চৰকাৰী তথা প্রশাসনিক বিষয়াসকলে সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্রী শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপত অসম ভেলী ফার্টিলাইজাৰ্ছ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এই উপলক্ষে আয়োজিত এখন ৰ...

December 6, 2025 7:31 PM

views 14

ৰাজ্য চৰকাৰে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছেঃ মুখ্যমন্ত্রী

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয় যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। ...

December 6, 2025 7:13 PM

views 10

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলাসকলৰ মাজত চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। গাঁও আৰু নগৰ অঞ্চলৰ ১৭ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয়, যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্ট...

December 6, 2025 7:08 PM

views 9

ৰাজ্যৰ বিভিন্ন অংশত আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন অংশত আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্রশিক্ষণ প্রতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ সঞ্চালনৰ সমৰকলা প্ৰদৰ্শন কৰে। তদুপৰি জৰুৰীকালীন সময়ত অথবা যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধানতা তথা উদ্ধাৰ সম্পৰ্কীয় মকড্রিল প্ৰদৰ্শন কৰে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃ...

December 6, 2025 7:03 PM

views 11

ওদালগুৰিৰ ৰৌতাত ক্রীড়া একাডেমীৰ আধাৰশিলা হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি ওদালগুৰিৰ ৰৌতাত এটা ক্রীড়া একাডেমীৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ উপ-প্ৰমুখ ৰিহগ দৈমাৰী প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 6, 2025 7:02 PM

views 12

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্রমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্রিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।