December 10, 2025 11:08 AM
343
আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন
● ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহু লোকে জীৱন হেৰুৱাইছিল। বহু লোক কাললৈ ঘূণীয়া হৈছিল। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ ছহিদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ ছহিদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হি...