December 22, 2025 11:57 PM

views 10

বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে, প্রতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলা...

December 18, 2025 4:24 PM

views 15

নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ উদ্বোধন সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ

শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে সৰুপথাৰ সমষ্টিৰ নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰটো আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সম-জিলা আয়ুক্ত, খণ্ড উন্নয়ণ বিষয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 18, 2025 4:22 PM

views 21

শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত শিৱসাগৰৰ বেতবাৰী তিনিআলিৰ মৌ বন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী বিপুল হাতীমূৰীয়া নিহত হয়। গুৰুতৰভাৱে আহত বিপুল হাতীমূৰীয়াৰ পত্নী নমিতা শ‍ইকীয়াক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ অৱস্থ...

December 18, 2025 4:18 PM

views 22

১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন মাজুলীৰ দিপাঙ্কৰ ৰাজখোৱাৰ

মাজুলী জিলা ছাত্রসন্থাৰ সম্পাদক তথা এগৰাকী কৃষক দিপাঙ্কৰ ৰাজখোৱাই প্ৰায় ১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ গেজিং চাপৰিত ভূমি লীজত লৈ বিগত ৫ বছৰে তেওঁ কৃষি কৰ্মৰে যথেষ্ট লাভান্বিত হৈছে। কৃষকগৰাকীয়ে নিজৰ লগতে আন ১০ টা পৰিয়ালকো কৃষি কৰ্মত নিয়োগেৰে সংস্থাপনৰ বাট মুকলি কৰিছে।

December 18, 2025 4:15 PM

views 11

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্ৰতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্ৰহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই চাৰি...

December 18, 2025 4:13 PM

views 12

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসান

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্ৰতিমূৰ্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি আৰু অলপতে উন্মোচন কৰিবলগীয়া লোকপ্রীয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া...

December 18, 2025 4:10 PM

views 18

আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

স্বচ্ছ আৰু মেধা ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত ১৬ গৰাকী যান্ত্ৰীক অভিযন্তা, ১১ গৰাকী বৈদ্যুতিক অভিযন্তা, ৮ গৰাকী জনস্বাস্থ্য অভিযন্তা, ৬ গৰাকী পৰিৱেশিক অভিযন্তা আৰু ২ গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি বিয়লি ৩ বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰিব। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব।

December 18, 2025 12:19 PM

views 24

গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী মোদীয়ে পৰীক্ষা পে চৰ্চা বিষয় লৈ আলোচনা কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ ২৫-৩০ গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হৈছে। এই কাৰ্যসূচীৰ বাবে নলবাৰীৰ গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামীয়েও বাছনি লাভ কৰিছে। ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে। এই কাৰ্যসূচীৰ বাবে উত্তৰ গুৱাহাটী ছোৱালী হ...

December 18, 2025 12:58 PM

views 15

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১১ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মণিপুৰ, মিজোৰাম আৰু মেঘালয়ক ডাঠ কুঁৱলীয়ে আৱৰি ৰখাৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰাত বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

December 18, 2025 12:47 PM

views 14

অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয়: মুখ্যমন্ত্ৰী

● অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে। শ্রমিকসকলক কোনোধৰণৰ অনুমতি নোহোৱাকৈ এনেদৰে লৈ যোৱা তথা সামাজিক নিৰাপত্তা নথকা ব্যৱস্থাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলিও তেওঁ উল্লেখ কৰিছে। চাহ বাগানৰ পৰা মানৱ সৰবৰাহ কৰাৰ অভিযোগৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, যে যেতিয়া ঘৰৰ যুৱকজন ক’লৈ গৈছে সেয়া পৰিয়ালৰ লোকে জ্ঞাত হয়, তেতিয়া তাক মানৱ সৰবৰাহৰ দৃষ্টিৰে চাব পৰা নাযায়। কোনোবাই প্রলোভন দিলেহে মানৱ সৰবৰাহ বুলি গণ্য কৰা হয়। অস...