May 31, 2024 8:40 PM

views 19

৪ জুনত হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

File Photo Akashvani GHY ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত স্থাপিত ৫২ টা ভোটগণনা কেন্দ্ৰত অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা ৮ বজাত আৰম্ভ হ'বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫ হাজাৰ ৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ৬৪ গৰাকী সাধা...

May 30, 2024 2:47 PM

views 16

আজি হিন্দী সাংবাদিকতা দিৱস

আজি হিন্দী সাংবাদিকতা দিৱস। ১৮২৬ চনৰ ৩০ মে'ত পণ্ডিত যুগল কিশোৰ শুক্লাই প্ৰকাশ কৰি উলিওৱা প্ৰথম হিন্দী বাতৰি কাকত ‘উদান্ত মাতণ্ড’-ৰ জৰিয়তে হিন্দী সাংবাদিকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কাম কৰা হিন্দী সাংবিদকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কাম কৰা হিন্দী সাংবাদিকসকলৰ বিশেষ অৱদানৰ বাবে হিন্দী সাংবাদিকতা দিৱসৰ দিনটো উৎসর্গিত। হিন্দী বাতৰি কাকত ‘উদান্ত মার্তণ্ড’ ভাৰতৰ সাংবাদিকতাৰ ইতিহাসত এটা মাইলৰ খুটি আছিল। ই ভাৰতীয় সাংবাদিকতাৰ নতুন যুগৰ আ...

May 30, 2024 2:25 PM

views 24

৪ জুনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীৰ্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটো পুৱা ৯.১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল @AIRN...

May 30, 2024 1:40 PM

views 18

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ। অসম আন্দোলনৰ সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হৈ ঘূণীয়া হোৱা দাসে পৰৱৰ্তী সময়ত সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত সক্রিয় ভূমিকা লৈ আহিছিল। বৰপেটা চহৰৰ পালাংদিহাটীৰ বাসিন্দা দাসে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰাৰ পাছত অসম গণ পৰিষদ দলত যোগদান কৰিছিল।

May 28, 2024 7:57 PM

views 23

ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে, গেৰুকামুখত এন এইচ পি চি ...

May 28, 2024 7:24 PM

views 23

৪ জুনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নির্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল ...

May 28, 2024 5:47 PM

views 32

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো জিলাত সতর্কতা জাৰি

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূর্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কালিৰেপৰা জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু হৈছে। ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰা...

May 25, 2024 7:56 PM

views 22

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক এইবাৰৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত যোৱা নিশা আয়োজিত এখন ধর্মালোচনা সভাত সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে ...

May 25, 2024 7:53 PM

views 28

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ’বলগীয়া 'দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ’ব। এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।