July 20, 2024 7:49 PM

views 22

গোলাঘাট জিলাৰ হালধীবাৰীত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোলাঘাট জিলাৰ হালধীবাৰী অঞ্চলত বন বিভাগে চলোৱা অভিযানত আজি দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক কৰা হৈছে। ইফালে, বানপানীৰ পৰিপ্ৰেক্ষিতত বন্য প্রাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্রশাসনে ট্রাক চলাচলৰ ক্ষেত্ৰত কেতবোৰ নতুন নির্দেশনা জাৰি কৰিছে। এই অনুযায়ী আজিৰে পৰা পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাজিৰঙাৰ মাজেৰে ট্ৰাকৰ চলাচল স্বাভাৱিকভাৱে হ'ব বুলি নিৰ্দেশনা প্রদান কৰা হৈছে। আনহাতে, সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ট্ৰাকৰ চলাচল সম্পূর্ণ বন্ধ থাক...

July 20, 2024 7:47 PM

views 23

চাইবাৰ অপৰাধৰ লগত জড়িত ৫ টা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ নগাওঁ আৰক্ষীৰ

নগাওঁ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চাইবাৰ অপৰাধৰ লগত জড়িত ৫ টা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা অভিযানত ধৃত অপৰাধীকেইটাৰ ঘৰ মহাৰাষ্ট্ৰ, বৰপেটা আৰু নগাওঁৰে কছুৱাত বুলি জানিব পৰা গৈছে। অপৰাধী চক্ৰটোৱে জিলাখনৰ বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাত্ৰ ঘটনা সংঘটিত কৰি আহিছিল অপৰাধী কেইটাৰ পৰা ৫ টা মোবাইল ফোন, কেইবাখনো এ টি এম কার্ড আৰু চীম কার্ড জব্দ কৰা হৈছে। নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত সদৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰ...

July 20, 2024 7:44 PM

views 22

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত পেৰিছ অলিম্পিক আৰু ভাৰত সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সাংবাদিক কুলপ্ৰদীপ ভাগৱতী আৰু সুবোধ মল্লবৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

July 15, 2024 12:42 PM

views 17

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্রুপদে ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অর্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ আৰু তামিলনাডুৰ অনুপ শংকৰ আৰে ৭.৫ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অসমৰ ৰিণ্টু ব্ৰহ্ম, তন্ময় ৰাজবংশী আৰু অম্লান মহন্তই ৭ পইণ্...

July 15, 2024 12:40 PM

views 11

বেংক একাউণ্টৰ ধন জালিয়াতিৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক ভৱন্ধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পর্কে অৱগত হৈ শ্ৰী দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচ...

July 15, 2024 12:22 PM

views 11

দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস...

July 15, 2024 10:41 AM

views 12

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ফোন-ইন পাব্লিক স্পীক অনুষ্ঠান

● আকাশবাণীৰ দ্বিভাষিক ফোন-ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত উচ্চৰক্তচাপ আৰু ইয়াৰ সমাধানৰ সন্দৰ্ভত এক মননশীল আলোচনা আগবঢ়োৱা হ'ব। এই আলোচনাত এইমছৰ হৃদৰোগ বিভাগৰ অধ্যাপক ড° ৰাকেশ যাদৱ আৰু খাদ্য বিশেষজ্ঞ ডাঃ ৰিচা জয়ছৱালে অংশগ্রহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে উচ্চৰক্তচাপৰ বিভিন্ন দিশ যেনে ইয়াৰ লক্ষণ, প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলীৰ সৈতে জড়িত প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে অনুষ্ঠান প্ৰচাৰ হৈ থকাৰ সময়ত ০১১ ২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰত ফোনকৰি তেওঁলোকৰ প্ৰশ্ন সুধিব পাৰিব। ত...

July 12, 2024 1:00 PM

views 17

আজি ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত ড'নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে NERACE শীর্ষক এটা এপ্লিকেচন মুকলি কৰাৰ লগতে উত্তৰ-পূব পৰিষদৰ আৰু অন্য বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰিব।

July 11, 2024 8:48 PM

views 9

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিতৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দিছপুৰত অনুষ্ঠিত এখন বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজোৰীয়া, সচিব তেজপ্ৰসাদ ভূষালৰ লগতে বিভাগৰ আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী শ্ৰীবৰাই শীতল ভঁৰালসমূহৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, সহজে নষ্ট হ'ব পৰা খাদ্য সামগ্ৰীৰ ম্যাদ বৃদ্ধি তথা গুণগত মান অক্ষুণ্ণ ৰখা, নষ্ট হোৱাৰ প...

July 11, 2024 8:44 PM

views 18

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা ৩ দিনীয়াকৈ মাণ্ডলিক সন্মিলন অনুষ্ঠিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ছেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয়দিনা চি বি চিব গোটসমূহে বিভিন্ন স্থানত ৰূপায়ণ কৰা কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিবিপাড়ে কয় যে, এই সন্মিলনে বিভিন্ন ধাৰণা আৰু মতামতৰ প্ৰকাশৰ বাব...