January 24, 2026 9:56 PM

views 39

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীর্ষক এটি আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ কালত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ' শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্রহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্রতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্রযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

January 24, 2026 9:53 PM

views 40

আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু-তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান ২০২৫ প্ৰদান

আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু-তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান ২০২৫ প্ৰদান কৰা হয়। এই উপলক্ষে আজি আবেলি গুৱাহাটীৰ দিশপুৰ ৰ পি. ডব্লিও. ডি. কনভেনশ্যন হলত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিতু-তপন যুটীৰ সংগীত পৰিচালক জিতু শৰ্মাই এই বঁটা গ্ৰহণ কৰে। শাৰীৰিক অসুস্থতাৰ বাবে তপন ভট্টাচাৰ্য্য আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা চেলেং চাদৰ স্মাৰক আৰু একোটাকৈ নেমু গছৰ পুলি। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট হাস্য-ব্যংগ লেখক তথা চিকিৎসক ডাঃ অঞ্জনজ্যোত...

January 24, 2026 9:40 PM

views 31

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা ২৬ জানুৱাৰীত প্ৰকাশ পাব

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা পৰহিলৈ প্ৰকাশ পাব। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে আজি এই কথা ঘোষণা কৰিছে। তেওঁ লগতে প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া ২৮ জানুৱাৰীত আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। ইয়াৰ বাবে প্ৰাৰ্থীসকলক প্ৰয়োজনীয় নথি-পত্ৰসমূহ সাজু কৰি ৰাখিবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে।

January 24, 2026 9:28 PM

views 27

নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০,৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০ হাজাৰ ৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। নপ্তিপাৰাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলাখনত ইতিমধ্যে নলবাৰী আৰু টিহু বিধানসভা সমষ্টিৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি মিত্...

January 24, 2026 8:28 PM

views 17

নগাঁৱৰ সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ দেহাৱসান

নগাঁৱৰ খুটিকটিয়া নিৱাসী সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

January 24, 2026 8:21 PM

views 34

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ'ব। এই উপলক্ষে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অংগীকাৰ লোৱা হয়। এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু - মাই ইণ্ডিয়া মাই ভোটৰ আধাৰত নিৰ্বাচন আযোগে প্ৰেৰণ কৰা ভোটাৰৰ অংগীকাৰ পাঠ কৰাবলৈ জিলাৰ সকলো কাৰ্যালয়ৰ মুৰব্বীসকলক আয়োগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।

January 24, 2026 7:58 PM

views 16

ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত

ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডা০ ৰণোজ পেগুৱে আজি পুৱা পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী মুকলি কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ধেমাজি মহাবিদ্যালয়ক অতি শীঘ্ৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ লগতে ১৯৬৫ চনত স্থাপন হোৱা এই মহাবিদ্যালয়খনৰ সুদীৰ্ঘ যাত্ৰাত সেৱা আগবঢ়োৱা সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ অৱদানক শ্ৰদ্ধাৰে স...

January 24, 2026 7:54 PM

views 34

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত গণৰাজ্য দিৱসৰ ব্যাপক প্রস্তুতি

৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৪টা দলে কুছকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।...

January 23, 2026 2:15 PM

views 18

ৰাজ্যত ১০ হাজাৰ শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন চৰকাৰে মুকলি কৰিব

অসম চৰকাৰে অহা কেইসপ্তাহমানৰ ভিতৰতে ৰাজ্যত ১০ হাজাৰ শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন মুকলি কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বিকাশৰ ক্ষেত্ৰত বহুমুখী পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডাভ’ছত এই কথা ঘোষণা কৰিছে।

January 23, 2026 1:24 PM

views 23

১৪ ফেব্ৰুৱাৰীত প্ৰধানমনন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা

ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ নৱনিৰ্মিত দলংখন প্রধানমনন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ সম্ভাৱনা আছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়ে কালি সামাজিক মাধ্যমত প্ৰকাশ কৰে। এই একেটা ভ্ৰমণতে প্রধানমন্ত্ৰী গৰাকীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্টৰ শুভাৰম্ভণি আৰু ১০০ খন ইলেকট্রনিক বাছ মুকলি কৰাৰ লগতে মৰাণত এডভান্স লেণ্ডি ফেছিলিটি অর্থাৎ ভাৰতীয় বায়ু সেনাৰ বিমান ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰ...