September 9, 2025 1:05 PM

views 21

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান

● সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যেতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখটাৰ আহমেদ প্রমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ...

May 26, 2025 8:14 PM

views 20

সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে আগতীয়াকৈ চাউল আবণ্টন

সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে আগতীয়াকৈ চাউল আবণ্টন দিছে। ডিব্ৰুগড় জিলা প্রশাসনেও এই যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহলৈ হিতাধিকাৰীসকলক একেবাৰতে চাউল বিতৰণ কৰাৰ ব্যৱস্থা লৈছে। এই অনুসৰি হিতাধিকাৰীসকলে প্ৰতিটো মাহত লাভ কৰা চাউলৰ তথ্য পৃথকে পৃথকে প্রমাণীকৰণ কৰিব লাগিব। এই প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জুন, জুলাই আৰু আগষ্টৰ বাবে অহা ১ জুনৰ পৰা ২০ জুনলৈ অন্নসেৱা দ...

March 27, 2025 12:21 PM

views 33

আকাশবাণী ডিব্ৰুগড়ৰ অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীৰ বিদায় সম্বৰ্ধনা

■ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তিনি দশকৰো অধিক কাল ধৰি সেৱা আগবঢ়াই অহা অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীক কালি বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায়ী অনুষ্ঠানত তেওঁলোকলৈ সম্বৰ্ধনা শৰাই আৰু গ্ৰন্থ আগবঢ়োৱা হয়। একেটা অনুষ্ঠানতে প্ৰায় ২৪ বছৰৰ সেৱা আগবঢ়াই দুবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা এম হাছিম আলিকো সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপ-সঞ্চালক প্রধান কেনিয়েলো কেণ্ট ৰেংমা, আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকা, অনুষ্ঠান কাৰ্যবাহী অৰুণ মৰাণকে ধৰি কে...