July 26, 2025 8:25 PM

views 17

অসমৰ আকাশবাণী কেন্দ্ৰৰ কাম-কাজৰ পৰ্যালোচনা আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্রজ্ঞা পালিৱাল গৌড়ৰ

আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্রজ্ঞা পালিৱাল গৌড়ে আজি গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। ড০ গৌড়ে কয়, যে অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্রজন্মক আকৰ্ষিত কৰিব পাৰিলেহে আকাশবাণীৰ প্ৰাসংগিকতা থাকিব। আকাশবাণীৰ সংগীতানুষ্ঠানৰ দৰে অনুষ্ঠানসমূহ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আয়োজন কৰিবলৈ সঞ্চালক প্ৰধানগৰাকীয়ে পৰামৰ্শ দিয়ে। নতুন নতুন অনুষ্ঠানেৰে শ্ৰোতাৰ সংখ্যা আৰু বিজ্ঞাপনৰ আয় বৃদ্ধি কৰাতো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ড০ গৌড়ে মন্তব্য কৰে। অসম আৰু মে...