October 26, 2025 8:10 PM

views 23

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন সন্দর্ভত যুৱ ছাত্ৰ পৰিষদ আৰু প্ৰায় ২৫টা জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ মাজত বৈঠক

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন তথা সাম্প্রতিক জনগোষ্ঠীয় কার্যপ্রণালীক পাৰস্পৰিক সহযোগিতা সন্দর্ভত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু প্ৰায় ২৫টা জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতাসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়। সভাৰ পাছত এখন সংবাদমেলত পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে বর্তমান সময়ত জাতি-জনগোষ্ঠীৰ মাজত একতা তথা ভাতৃত্ববোধৰ প্ৰতি পাৰস্পৰিক সহযোগিতা অধিক সুদৃঢ় হোৱা উচিত বুলি উল্লেখ কৰে। তেওঁলোকে লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত জাতি-জনগোষ...

September 7, 2025 12:10 PM

views 24

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ ৰাজ্যত বিভিন্ন দল-সংগঠনৰ প্রতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ কালি ৰাজ্যত বিভিন্ন দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰে। অসম গণ পৰিষদ দলে কালি এখন সংবাদমেল যোগে কয়, যে দলটোৱে এই বিষয়টোক লৈ আইনী যুঁজ চলাই যাব। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত আবেদনৰ সময়সীমাৰ ম্যাদ বৃদ্ধি কৰাক লৈ দলৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয়, যে এই নির্দেশে অসম চুক্তিক অৱমাননা কৰিব। অগপই অসম চুক্তিৰ ক্ষেত্ৰত কোনোদিনে আপোচ নকৰে বুলি তেওঁ উল্লেখ কৰে। এন ডি এৰ অংশীদাৰ হ'লেও এই ন...

July 26, 2025 11:40 AM

views 24

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চতুৰ্বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ধেমাজি অনুষ্ঠিত

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চতুৰ্বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে ধেমাজি জিলাৰ জয়ৰামপুৰ খেলপথাৰত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীলৈ জননী গৌৰৱ বঁটা আগবঢ়োৱা হয়। পৰিষদৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। ইপিনে, দুদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস কালিৰে পৰা শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা...