April 8, 2024 7:33 PM
24
ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ নির্বাচনী ইস্তাহাৰ প্ৰকাশ
লোকসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে আজি ডিব্ৰুগড়ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। এই ইস্তাহাৰত মূলতঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এলেকাৰ কিছুমান বিশেষ সমস্যা সমাধান তথা উন্নয়নৰ সংকল্প গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে, দলটোৱে ১৪টা লোকসভা সমষ্টিৰ ভিতৰত ডিব্ৰুগড় সমষ্টিত লুৰিনজ্যোতি গগৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ইস্তাহাৰত প্ৰাৰ্থীৰ্গৰাকীক সাংসদ হিচাপে নির্বাচিত হ'লে অসমীয়া তথা ৰাজ্যৰ অন্য থলুৱা জনগোষ্ঠীসমূহৰ ভাষিক, সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ প্ৰসংগ সংসদত উপস্থাপন কৰাৰ লগতে সেইসমূহ ৰূপায়ণৰ...