May 10, 2024 11:59 AM

views 16

নতুন দিল্লীত বার্ষিক ব্ৰিটেইন-ভাৰত কৌশলগত আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাদ্বয় টিম বেৰ’ আৰু অজিত ডোভালৰ বৈঠক

ভাৰত ভ্ৰমণলৈ অহা ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’ই কালি দ্বিপাক্ষিক সম্পর্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা ব্ৰিটেইনৰ উচ্চায়ুক্তই সামাজিক মাধ্যম এক্সত প্রকাশ কৰা অনুসৰি সাক্ষাৎকালত উভয় দেশৰ সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত মত বিনিময় কৰা হয়। টিম বেৰ' আৰু শ্ৰীডোভাল আজি নতুন দিল্লীত বার্ষিক ব্ৰিটেইন-ভাৰত ...