November 5, 2024 2:09 PM November 5, 2024 2:09 PM
4
বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ
বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। ড° হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱা চাৰে ৯ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত মন্ত্রী অজন্তা নেওগ মুখ্য অতিথি ...