March 26, 2025 12:43 PM March 26, 2025 12:43 PM
9
২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ ৰাজ্যত মুঠ ঘৰুৱা উৎপাদন বার্ষিক ১২.৪ শতাংশ বৃদ্ধিঃ বিত্তমন্ত্রী অজন্তা নেওগ
২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ ৰাজ্যত মুঠ ঘৰুৱা উৎপাদন বার্ষিক ১২ দশমিক ৪ শতাংশ বৃদ্ধি হৈছে বুলি বিত্তমন্ত্রী অজন্তা নেওগে কালি অসম বিধানসভাত প্ৰকাশ কৰে। এই উৎপাদন ২০১১-১২ বৰ্ষৰ ১ লাখ ৪৩ হাজাৰ ১৭৫ কোটি টকাৰ পৰা ৬ লাখ ৪৩ হাজাৰ ৬৬৭ কোটি টকালৈ বৃদ্ধি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক কয়। বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয়, যে এই সময়ছোৱাত কৃষি খণ্ডৰ বিকাশৰ হাৰ গড়ে ১২ দশমিক ৫ শতাংশ উদ্যোগ খণ্ডত ১৩ দশমিক ৮ আৰু সেৱা খণ্ডত বিকাশৰ হাৰ ১১ দশমিক ৩ শতাংশ। জনম...