April 26, 2025 9:31 PM April 26, 2025 9:31 PM

views 13

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা আজি পুৱাৰ ভাগত প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ হয়। এই কাৰ্যসূচীত ২,৫০০ তকৈও অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিভিন্ন শিতানত মুঠ ১০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে ভৱিষ্যতত ব্যাপক পৰিষৰত এই প্রতিযোগিতা আয়োজনৰ আশা প্ৰকাশ কৰে। ক্রীড়া আৰু যুৱ সেৱা মন্ত্ৰী পু লালংঘিংলোভা মাৰে পৰৱৰ্তী আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন অহা বছৰৰ ১৪ ফেব্ৰুৱাৰীত আয়োজিত হ’ব বুলি ঘোষণা কৰে।

September 28, 2024 7:29 PM September 28, 2024 7:29 PM

views 2

আইজলত স্বচ্ছতা অভিযানৰ অধীনত শ্রমদান কাৰ্যসূচীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অংশগ্ৰহণ

মিজোৰামত কমনৱেল্থ সংসদীয় সংঘৰ একবিংশ বাৰ্ষিক সমাৰোহত অংশ লোৱাৰ বাবে যোৱা বৃহস্পতিবাৰে ৰাজ্যখনত উপস্থিত হোৱা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি আইজলত স্বচ্ছতা অভিযানৰ অধীনত শ্রমদান কাৰ্যসূচীত অংশ লয়। তেওঁ আইজলৰ বৰাবজাৰত কেন্দ্ৰীয় চৰকাৰৰ ভোকেল ফৰ লোকেল কাৰ্যসূচীক উৎসাহিত কৰাৰ বাবে বাঁহৰ পৰা উৎপাদিত সামগ্রী ক্রয় কৰে। অধ্যক্ষগৰাকীয়ে আইজলৰ বৰাবজাৰত কিছুসময় অতিবাহিত কৰাৰ লগতে থলুৱা বিক্ৰেতা আৰু হস্তশিল্পীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে অঞ্চলটোৰ স্থানীয় পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় অন...