November 9, 2025 11:18 AM

views 75

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিত ঘাটত কেন্দ্রীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া ১২.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হব। কেন্দ্রীয়ভাবে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, ছুখয় আদি ৭৫ খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব'ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিও শ্রদ্ধাঞ্জলি জনোৱা হ'ব। এই প্রদর্শনী উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আবাসীসকলক আমন্ত্রণ জনোৱা হৈছে। অৱশ্যে এইক্ষেত্রত প্রশাস...

November 2, 2025 12:00 PM

views 35

জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ এয়াৰ শ্ব’ প্ৰদৰ্শন

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত অহা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব। এয়া হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত বায়ুসেনাৰ প্ৰথমটো এয়াৰ শ্ব'। বায়ু সেনাৰ এয়াৰ মাৰ্চেল সুৰত সিং আৰু ৰবি কোটাই কালি দিছপুৰত এখন সংবাদ মেলত এই কথা প্রকাশ কৰে। এয়াৰ মাৰ্চেল সুৰত সিং আৰু ৰবি কোটাই কয়, যে বায়ু সেনাৰ ৯৩ সংখ্যক বায়ু সেনা দিৱস উদযাপনৰ অংশ হিচাপে ৯ নম্বেৱৰত দুপৰীয়া ১২.৩০ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব' প্রদর্শন কৰা হ'ব। কেন্দ্রীয়ভাবে অনুষ্ঠিত এই...