April 25, 2024 5:53 PM

views 31

কাইলৈ আৰু ৭ মে’ৰ দুপৰীয়া ১:২০ মিনিট আৰু সন্ধিয়া ৭:২০ মিনিটত আকাশবাণী আঞ্চলিক বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ কাইলৈ আৰু ৭ মে'ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ, ৭, ১৩, ২০ আৰু ২৫ মে' তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰিৰ নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ'ব।