May 13, 2025 12:55 PM

views 8

সাময়িকভাৱে বন্ধ ৰখা ৩২টা বিমানবন্দৰ পুনৰ মুকলি

ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ বিৰতিৰ পাছত পূৰ্বে সাময়িকভাৱে বন্ধ ৰখা ৩২টা বিমানবন্দৰ পুনৰ মুকলি কৰা হৈছে। এটা বিবৃতিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকাৰীয়ে কালি এই কথা ঘোষণা কৰে। পেহেলগাম ঘটনাৰ পাছত চুবুৰীয়া দেশ দুখনৰ মাজত বাঢ়ি অহা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই বিমানবন্দৰকেইটা ১৫ মে' পর্যন্ত বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছিল। বিবৃতিটোত লগতে কোৱা হয় যে যাত্ৰীসকলে বিমান সেৱাৰ বিষয়ে যাৱতীয় তথ্য লাভৰ বাবে এয়াৰলাইন্স ৱেবছাইটৰ সৈতে যোগাযোগ কৰিব পাৰিব ।

May 7, 2025 1:42 PM

views 20

ভাৰতৰ সশস্ত্র সেনাৰ পাকিস্তানত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত উত্তৰ ভাৰতৰ ভালেমান বিমান বন্দৰৰ বন্ধ

ভাৰতৰ সশস্ত্র সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত বিমান আক্রমণ চলোৱাৰ পাছত উত্তৰ ভাৰতৰ ভালেমান বিমান বন্দৰৰ বন্ধ কৰি দিয়া হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত স্পাইচ জেটে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত ধৰ্মশালা, লেহ, জম্মু, শ্ৰীনগৰ আৰু অমৃতসৰ বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। ইন্দিগই যাত্ৰীসকলক এই বিমান বন্দৰৰ পৰা উৰিবলগীয়া বিমানসমূহৰ যাত্ৰাৰ সৱিশেষ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে।