September 1, 2024 7:06 PM

views 16

পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জ জয়ী ৰুবিনা ফ্ৰান্সিছক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰীৰ অভিনন্দন

ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ আজি পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনা বিভিন্ন শিতানৰ পদকৰ যুঁজত অৱতীৰ্ণ হৈছে। ৰবি ৰংগোলীয়ে পুৰুষৰ শ্বটপুটত পঞ্চম স্থানত থমকি ৰব লগা হয়। আনহাতে নিশাদ কুমাৰে নিশা প্ৰায় ১০ বাজি ৪০ মিনিটত পুৰুষৰ হাই জাম্পৰ টি-ফৰ্টি চেভেন শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ...