October 18, 2025 9:00 PM

views 22

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শ‍ইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে প্রথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয়ই দ্বিতীয় স্থান, যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অন্বেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাঁওখোৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগী...