March 26, 2025 12:27 PM March 26, 2025 12:27 PM

views 2

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ অহা ২৯ মার্চত ‘আপুনি কেনে আছে’ শীৰ্ষক বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা ২৯ মার্চ শনিবাৰে গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনির্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে’ শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ চাৰে ১০ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ছটা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প্রাক্তন বাতৰি পৰিৱেশক-পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব। এই অনুষ্ঠানৰ বছা বছা অংশ সেইদিনা নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰিত দৃষ্টিপাত...