June 12, 2025 7:15 PM

views 12

গুজৰাটৰ আহমেদাবাদত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া 171 বিমান উৰণৰ সময়ত দুর্ঘটনাগ্রস্ত

গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত আজি দুপৰীয়া ২৪২গৰাকী যাত্ৰী কঢ়িয়াই লণ্ডন অভিমুখে উৰা মাৰিবলৈ লোৱা এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন উৰণৰ সময়তে দুৰ্ঘটনাগ্রস্ত হয়। অসমর্থিত বাতৰি অনুসৰি বিমানখনত থকা আৰোহীসকলৰ এজনো জীয়াই থকাৰ সম্ভাৱনা নাই। ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু সাতগৰাকী পর্তুগীজ নাগৰিক থকা ঘটনা সংঘটিত হোৱাৰ পাছতে অগ্নিনির্বাপন বাহিনী, আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। গুৰুতৰভাবে আহতসকলক ততালিকে সমীপৰ চিকিৎসালয়ত ভৰ্তি ক...