December 11, 2024 8:21 PM

views 20

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ শ্ৰোতাৰ পৰা মতামত, অভিযোগ আৰু পৰামৰ্শ গ্ৰহণৰ বাবে হোৱাটছএপ নম্বৰ মুকলি

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠান সম্পর্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ৯৮৬৪০-৫৫৫৬৬ নম্বৰৰ Whatsapp যোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰো দিহা কৰা হৈছে। অহা শনিবাৰ ১৪ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত ইয়াৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ এই ...