June 28, 2025 10:56 PM June 28, 2025 10:56 PM
2
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত ‘সুৰৰে দেউলৰে’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আজি আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেচনৰ সহযোগত সুৰৰে দেউলৰে শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা চানমাৰিৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত থকা ৰিক্ৰিয়েচন ক্লাবত অমৰেন্দ্ৰ শৰ্মা, দিপক কুমাৰ দাস আৰু ছাদিক আনাম ৰহমানৰ তত্বাৱধানত প্ৰথমৰ পৰা পঞ্চম আৰু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত দুটি শাখাত বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ সৈতে সংগতি থকা ছবি অংকনৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া চানমাৰিৰ অসম অভি...