May 16, 2025 11:28 AM

views 12

অপাৰেচন সিন্দূৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ বাবে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ বিশেষ ব্যৱস্থা

অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলা প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰি আছে। আজিৰ বুলেটিনত আমি ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাঞ্জাবৰ বাটলা খণ্ডত নিষ্ঠাৰে দায়িত্ব পালন কৰা সন্...