December 27, 2024 11:17 AM

views 10

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আতৰ্জন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দেশ-বিদেশৰ ৰাজনীতি-সমাজনীতি, ক্রীড়া, সংস্কৃতি, সাহিত্য জগতৰ উল্লেখযোগ্য ঘটনাৱলীৰ বছৰজোৰা আলোকপাতৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত স...