January 25, 2025 12:37 PM

views 16

আকাশবাণীত আজি নিশা ১০ বজাত ‘সর্বভাষা কবি সন্মিলন’

গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া প্ৰতিবছৰৰ দৰে এইবাৰো আকাশবাণীৰ অতি চৰ্চিত অনুষ্ঠান, সর্বভাষা কবি সন্মিলন প্ৰচাৰ কৰা হ’ব। আজি নিশা ১০ বজাত আকাশবাণীৰ সকলো নেটৱৰ্কৰ জৰিয়তে এই সৰ্বভাষা কবি সন্মিলন প্ৰচাৰ কৰা হ'ব। এই কবি সন্মিলনত দেশৰ প্ৰায় ৪০০ গৰাকী কবিয়ে একেখন মঞ্চতে কবিতা পাঠ কৰিব। ১৯৫৬ চনত আৰম্ভ হোৱা এই সৰ্বভাষা কবি সন্মিলনৰ জৰিয়তে সকলো ভাৰতীয় ভাষাৰ শ্ৰেষ্ঠ সমসাময়িক কবিতাসমূহ সমন্বিতভাৱে প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় একতা আৰু ভাষিক সমন্বয়ক এখন সৃষ্টিশীল মঞ্চ প্ৰদান কৰাৰ প্ৰয়াস কৰি অহা হৈছে।