June 21, 2025 1:11 PM

views 12

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অহা ১ জুলাইত ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা ১ জুলাইত ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰ কেইখন ১ জুলাইত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ ১০ বজাত গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ...

July 1, 2024 9:21 PM

views 17

আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্ৰতিষ্ঠা দিৱস উদযাপন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

আকাশবাণী গুৱাহাটীৰ আজি ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱস আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে আকাশবাণীৰ উত্তৰ-পূবৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগৰে। নিজৰ ভাষণ শ্রীভাটনাগৰে কয় যে, আকাশবাণী জনগণৰ কণ্ঠ হৈ আছে। বিগত সময়ৰ দৰেই আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে। উদ্বোধনী অনুষ্ঠানৰ পাছতেই আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাৰ অনুষ্...

June 27, 2024 11:53 AM

views 22

আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্রতিষ্ঠা দিৱস উপলক্ষে বাতৰি পৰিৱেশন প্রতিযোগিতা

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ’ বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬৮০৯৬৯ আৰু ৯৬১৯৬-৮৬৬৫৯ নম্বৰলৈ WHATSAPP যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ’ প্ৰেৰণৰ অন্তিম দিন ২৮ জুনৰ সন্ধিয়া ৭ বজা ধাৰ্য কৰা হৈছে৷ নিৰ্বাচিত তিনিগৰ...