October 21, 2024 9:22 PM

views 21

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আকাশবাণী গুৱাহাটীৰ ‘তোমাৰ নিবিড় মায়াৰে’ নাট মঞ্চস্থ

আকাশবাণী গুৱাহাটীয়ে ইনলী ফাউণ্ডেচনৰ সহযোগত দৃষ্টিহীনসকলৰ বাবে আজি এখন মঞ্চনাট পৰিৱেশন কৰে। ঋতুপৰ্ণ দাস ৰচিত আৰু পৰিচালিত তোমাৰ নিবিড় মায়াৰে নামৰ এই নাটখন আজি দিনৰ ভাগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত পৰিৱেশন কৰা হয়। এই মঞ্চনাটখনৰ দ্বাৰা দৃষ্টিহীন লোকসকলক অনাতাঁৰ নাট উপভোগ কৰোৱাসদৃশ অভিজ্ঞতা আৰু অনুভৱ প্ৰদানৰ প্ৰয়াস কৰা হয়। এই অনুষ্ঠানৰ পাছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষাত উত্তীর্ণ অভিনয় শিল্পীসকলক স্বীকৃতিপত্ৰ প্ৰদান কৰা হয়। অন...