March 1, 2025 1:30 PM

views 24

আকাশবাণী গুৱাহাটীত আজিৰ দৃষ্টিপাত অনুষ্ঠানত সাংবাদিক নিতুমণি শইকীয়াৰে আলাপ

ৰাজ্যখনৰ সংবাদ জগতত এটা পৰিচিত নাম - নিতুমনি শ‍ইকীয়া। উত্তৰ অসমৰ এখন সৰু চহৰৰ পৰা অহা এজন তীক্ষ্ণধী যুৱক এদিন আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহি প্ৰচাৰ মাধ্যমৰ সৈতে কিদৰে জড়িত হৈছিল আৰু পৰৱৰ্ত্তী কালত কিদৰে ৰাজ্যৰ টেলিভিছন সংবাদ মাধ্যমত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছিল সেই বিষয়ে তেওঁৰ নিজৰ মুখেৰেই শুনিবলৈ পাব আজি নিশা ৮ বাজি ২ মিনিটত আমাৰ দৃষ্টিপাত অনুষ্ঠানত। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু সাক্ষাৎ গ্ৰহণ ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 15, 2025 11:46 AM

views 16

আকাশবাণী গুৱাহাটী কেন্দ্ৰত আজি নিশা ৮.০২ বজাৰ ‘দৃষ্টিপাত’ত ‘মই ৰেডিঅ’ কিয়’ শুনো শীর্ষক অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পর্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাতো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভি...

February 6, 2025 12:20 PM

views 17

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত শনিবাৰে নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব।

February 1, 2025 1:10 PM

views 13

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ২০২৫- ২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ বিপুল কুমাৰ ৰাভা, ষ্টাৰ্ট আপ উদ্যমী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰজ্যোতি হালৈয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আজি নিশ...

January 11, 2025 1:29 PM

views 11

আকাশবাণী গুৱাহাটীত আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও ষ্টুডিঅ'ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়...

November 14, 2024 8:58 PM

views 15

আকাশবাণী গুৱাহাটীৰ ১৬ নৱেম্বৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘৫৫সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ‘দৃষ্টিপাত’ অনুষ্ঠানত অহা ১৬ নৱেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত ‘৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ সন্দৰ্ভত আলোচনা কৰা হ'ব । অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ঠ চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদ আৰু বিতুপন বৰবৰা অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। শ্রোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব ...

November 9, 2024 11:01 AM

views 11

আকাশবাণী গুৱাহাটীৰ আজিৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালীকৰণ’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া ‘দৃষ্টিপাত’ অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালীকৰণ সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ্টা নিকুঞ্জ বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানসপ্ৰতিম শৰ্মাই। শ্রোতাসকলে অনুষ্ঠান চলি থকা সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি ইয়াত পোনপটীয়াকৈ অংশ ল'ব পাৰিব।

November 8, 2024 8:42 PM

views 19

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ্টা নিকুঞ্জ বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানসপ্রতিম শর্মাই। শ্রোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল...

August 9, 2024 11:36 AM

views 16

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ আয়ুক্ত সচিব ৰঞ্জন শৰ্মাৰ লগতে পুৰাতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দীপিৰেখা কৌলি উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাৰ্তা সম্পাদক মানস প্রতীম শৰ্মাই।

June 22, 2024 7:02 PM

views 25

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত ‘দৃষ্টিপাত’ত নতুন ফৌজদাৰী আইনৰ অধীনত মহিলা সম্পর্কীয় বিষয় সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইনৰ অধীনত মহিলা সম্পর্কীয় বিষয় সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা চাহিনা নাজনিন অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ ফোন নম্বৰ যোগে অতিথিৰ সৈতে কথা পাতিব পাৰিব।