August 18, 2024 11:52 AM

views 20

৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে বিশেষ কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি-গ্রেডৰ উপৰি বি-হাইগ্ৰেডৰ বাবেও একেলগে অডিচন সম্পন্ন হ'ব । প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্র ডাক যোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে ম'বাইলত অডিচনৰ তাৰিখ আৰু সময় সম্পর্ক...