March 13, 2025 8:24 PM

views 20

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অহা দেওবাৰৰ ‘সংবাদ চলন্তিকা’ত গুৱাহাটীত কৰ্মৰত সাংবাদিকে পৰিৱেশন কৰা ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড০ দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শ‍ইকীয়া, কৰ্ণ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিৎ গোস্বামী আৰু কৃষ্ণৰ চৰিত্ৰত অভিনয় ক...

February 8, 2025 8:42 PM

views 12

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ ‘চলন্তিকা’ত ‘গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা’ শৃংখলাৰ প্ৰথমটো অনুষ্ঠান

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত তথাকথিত সৰু সৰু মানুহৰ জীৱন সংগ্ৰাম- তেওঁলোকৰ নিজ মুখেৰেই শুনিবলৈ পাব। অনুষ্ঠানটোৰ উপস্থাপন আৰু পৰিকল্পনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

June 20, 2024 7:37 PM

views 28

আকাশবাণীৰ চলন্তিকা অনুষ্ঠানত আজি ‘সুন্দৰ জীৱনৰ বাবে যোগ’ শীৰ্ষক আলোচনা

বিশ্ব যোগ দিৱসৰ প্ৰাকক্ষণত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা চাৰে ৮ বজাত চলন্তিকা অনুষ্ঠানত ‘সুন্দৰ জীৱনৰ বাবে যোগ' শীৰ্ষক দিগন্ত শৰ্মাৰ সৈতে হোৱা এটা আলোচনা আগবঢ়াব। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা চাৰে ৬ বজাত তেজপুৰৰ চাৰ্ছ ফিল্ডত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত স্থাপন কৰা স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায়ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰিব।

June 10, 2024 11:38 AM

views 20

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৭.৪৫ বজাত ‘চলন্তিকা’ত অধিবক্তা মাখন ফুকনৰ সৈতে কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৭ বাজি ৪৫ মিনিটত চলন্তিকাত নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী গোটৰ বিশেষ চৰকাৰী অধিবক্তা মাখন ফুকনৰ সৈতে হোৱা এটি কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব হেমন্ত বৰাই।