September 18, 2025 8:04 PM

views 13

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ২০ ছেপ্টেম্বৰত বিশেষ দৃষ্টিপাত অনুষ্ঠান

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্রহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্রহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ শাণ্ডিল্যইও ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত...

May 11, 2025 12:28 PM

views 18

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হ’ব অপৰাচেন সিন্দূৰ সন্দৰ্ভত বিশেষ দৃষ্টিপাত

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ অন্যতম নায়ক অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ জগদীশ ভট্টাচার্যই শনিবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত পাকিস্তানত বোমাবর্ষণ কৰি উভতি অহাৰ পথত তেওঁৰ বিমান গুলীবিদ্ধ হোৱা ধ্বংস হোৱা আৰু পেৰাচ্যুটেৰে নামি অহাৰ পাছত কিদৰে পাকিস্তানী সেনাৰ চকুত ধূলি মাৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল এই সম্পৰ্কত প্ৰকাশ কৰে। অপৰাচেন সিন্দূৰ সম্পৰ্কত তেওঁ কয়, যে এই অভিযানৰ দ্বাৰা ভাৰতীয় বায়ুসেনাই উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰিছে। এই অভিযান নিখুঁট আৰু সুপৰিকল্পিত বুলি ত...

February 9, 2025 12:12 PM

views 22

ফলাফলৰ বাবে কোনো ধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈ শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱা উচিত বুলি দৃষ্টিপাত অনুষ্ঠানত মনোৰোগ বিশেষজ্ঞৰ প্ৰকাশ

পৰীক্ষাৰ সময়চোৱা ছাত্ৰ জীৱনৰ সম্পূৰ্ণ স্বাভাৱিক অংশ হিচাপে গন্য কৰি ফলাফলৰ বাবে কোনো ধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈ শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱা উচিত। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কালি অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয়, যে পৰীক্ষাৰ বাবে পিতৃ-মাতৃ বা অভিভাৱকে ছাত্র-ছাত্ৰীক অনাহক চাপ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক ইতিবাচক মানসিকতাৰে উৎসাহিত কৰা প্ৰয়োজন। তদুপৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকে ছাত্ৰ-ছাত্ৰীৰ সৈতে...

November 22, 2024 12:06 PM

views 13

আকাশবাণী গুৱাহাটীত কাইলৈ নিশা ৮.০২ বজাত বিধানসভাৰ উপ-নির্বাচন আৰু দুখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত বিশেষ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ-নির্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। এই অনুষ্ঠানটোৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠানত আকাশবাণীৰ সংবাদদাতাসকলে সমষ্টিভিত্তিত নিৰ্বাচনৰ ফলাফল সম্পর্কে ষ্টুডিঅ'ত থকা আলোচকসকলৰ সৈতে যুক্ত হ'ব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শু...