May 23, 2025 12:35 PM

views 33

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। ইয়াত ভাগ ল’ব বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে।

May 1, 2025 8:31 PM

views 28

৩ মেৰ দৃষ্টিপাত অনুষ্ঠানত অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয় খণ্ড প্ৰচাৰ হ’ব

অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত অহা শনিবাৰ ৩ মেৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 26, 2025 12:21 PM

views 23

ৰাজ্যৰ ৩গৰাকী নতুন উদ্যমীৰ সফলতাৰ কাহিনীৰে আজি আকাশবাণী গুৱাহাটীত বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

কোনো এবিধ সামগ্রী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ'লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়েই আজি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ তিনিগৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

March 2, 2025 12:35 PM

views 33

আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহে আৰম্ভণিৰে পৰা অগণন শ্রোতাৰ চিন্তা আৰু ৰুচিক খোৰাক যোগাই আহিছে: সাংবাদিক নিতুমণি শ‍ইকীয়া

আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহে আৰম্ভণিৰে পৰা অগণন শ্রোতাৰ চিন্তা আৰু ৰুচিক খোৰাক যোগাই আহিছে। স্বকীয় ধাৰা বজাই ৰাখি অথচ পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনৰ সৈতে ৰজিতা খুৱাই কিছু নতুনত্বৰ সংযোজনেৰে আকাশবাণী শ্রোতাৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত টেলিভিশ্বন চেনেল প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শ‍ইকীয়াই এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।  তেওঁ কয়, যে তেওঁৰ দৰেই অসমৰ বহু ব্যক্তিৰ শৈশৱৰ পৰা জীৱনৰ বিভিন্ন স্তবলৈ আকাশবাণীয়ে শক্তিশালী প্রভাৱ বিস্তাৰ কৰি আহিছে। আকাশব...

January 10, 2025 8:22 PM

views 33

আকাশবাণী গুৱাহাটীত কাইলৈ নিশা ৮.০২ বজাত বাতৰি বিভাগৰ এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠানতে ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীয়েও বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়াব। অ...