November 22, 2024 12:05 PM

views 13

কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অহা দেওবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা অহা দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ প্ৰৱেশপত্র প্রার্থীসকললৈ ইতিমধ্যে ই-মেইলযোগে প্ৰেৰণ কৰা হৈছে। প্ৰৱেশপত্ৰ নোপোৱা প্ৰাৰ্থীসকলে আজিৰ ভিতৰত কেন্দ্ৰলৈ আহি ব্যক্তিগতভাৱে প্ৰৱেশপত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি আকাশবাণীৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে।