September 1, 2024 7:03 PM

views 25

ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে এয়াৰ মাৰ্ছেল তেজিন্দৰ সিঙৰ কাৰ্যভাৰ গ্ৰহণ

এয়াৰ মাৰ্ছেল তেজিন্দৰ সিঙে আজি নতুন দিল্লীত ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়াৰ মাৰ্ছেল সিঙে ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকলৈ গৈ দেশৰ হ'কে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। এয়াৰ মাৰ্ছেল তেজিন্দৰ সিং ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ ৷ তেওঁ ১৯৮৭ চনৰ ১৩ জুনত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু শাখাত যোগদান কৰিছিল। তেওঁ ৪৫০০ হাজাৰ ঘণ্টাৰো অধিক উৰণ অভিজ্ঞতাৰ সৈতে ক-শ্রেণীৰ উৰণ প্ৰশিক্ষক। তেওঁ ২০০৭ চনত বায়ু সেনা পদক আৰু ২০২২ চনত ...

May 25, 2024 12:18 PM

views 30

ভাৰতীয় বায়ুসেনা বাহিনীৰ অগ্নিবীৰ বায়ু মিউজিচিয়ান পদত নিযুক্তিৰ বাবে জাননী জাৰি

ভাৰতীয় বায়ুসেনা বাহিনীয়ে অগ্নিবীৰ বায়ু মিউজিচিয়ান পদত নিযুক্তিৰ বাবে সংস্থাটোৰ ৱেবছাইটত জাননী জাৰি কৰিছে। agnipathvayu.cdac.in ৱেবছাইটত সংশ্লিষ্ট পদৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি দশম শ্রেণী উত্তীর্ণ প্রার্থীসকলে বিজ্ঞাপনত উল্লেখ থকা অতিৰিক্ত যোগ্যতাসহ অহা ৫ জুন বা ইয়াৰ পূৰ্বে আবেদন কৰিব পাৰিব। ২০০৪ চনৰ ২ জানুৱাৰীৰ পৰা ২০০৭ চনৰ ২ জুলাইৰ ভিতৰত জন্ম হোৱা অবিবাহিত পুৰুষ আৰু মহিলা প্ৰাৰ্থীসকলে এই পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। অহা ৩ জুলাইৰ পৰা ১২ জুলাইলৈ ...