December 14, 2025 11:28 AM

views 35

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পর্ক থকাৰ অভিযোগত ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পর্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে কালি ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত কুলেন্দ্ৰ শৰ্মাই দেশৰ প্ৰতিৰক্ষা বিভাগৰ অতি স্পর্শকাতৰ নথিপত্র আৰু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে অভিযুক্ত লোকজনৰ লেপটপ আৰু মোবাইল জব্দ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে। উল্লেখযোগ্য যে অভিযুক্ত লোকজনে ২০০২ চনত বায়ু সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত লো...