November 15, 2024 7:51 PM

views 23

ৰাস পূর্ণিমা উপলক্ষে ৰাজ্যৰ প্রান্তে প্রান্তে উৎসাহ-উদ্দীপনা

আজি ৰাস পূর্ণিমা। শৰৎকালৰ এই মনোৰম পূর্ণিমাত পালন কৰা ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্রান্তে প্রান্তে উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা জিলাত আজিৰে পৰা কেইবাখনো উল্লেখযোগ্য ৰাসৰ আয়োজন কৰা হৈছে। ইয়াৰ ভিতৰত হাউলী, বৰপেটা ৰোড আৰু নগাঁৱৰ ৰাস মহোৎসৱ অন্যতম। উল্লেখযোগ্য যে হাউলী ৰাস মহোৎসৱে এইবাৰ ৯৭ সংখ্যক বৰ্ষত ভৰি দিছে। একেদৰে বৰপেটা ৰোড ৰাস মহোৎসৱ ৯৪ সংখ্যক বছৰৰ বাবে আয়োজন কৰা হৈছে। যিহেতু পশ্চিম অসমত মূৰ্তিক কেন্দ্ৰ কৰি ৰাস পালন কৰা হয়, সেইবাবে ৰাসথলীসমূহত আকর্ষণীয়ভাৱে মৃণ্ময় মূর্তিসমূহ স...