December 19, 2025 12:27 PM December 19, 2025 12:27 PM

views 9

আকাশবাণী গুৱাহাটীৰ কাইলৈ ‘দৃষ্টিপাত’ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিতকৰণ আঁচনি সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিতকৰণ আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

November 21, 2025 8:34 PM November 21, 2025 8:34 PM

views 15

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত আলোচনা

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছ-উজ জামান, অধিবক্তা তথা সমাজকর্মী কৈলাস চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী...

November 15, 2025 12:50 PM November 15, 2025 12:50 PM

views 17

আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মানসিক চাপ নিয়ন্ত্ৰণৰ নিদান দিব মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে

ৰাজ্যত বিধানসভা নির্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয়-মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বর্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, সেই বিষয়ে আজি নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে ষ্টুডিঅ’ত থাকি বিভিন্ন প্রশ্নকর্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দি...

November 14, 2025 9:55 PM November 14, 2025 9:55 PM

views 10

আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মানসিক চাপ নিয়ন্ত্ৰণৰ নিদান দিব মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে

ৰাজ্যত বিধানসভা নির্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয়-মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বর্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পৰি, সেই বিষয়ে কাইলৈ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে ষ্টুডিঅ'ত থাকি বিভিন্ন প্রশ্নকর্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দ...

October 23, 2025 9:04 PM October 23, 2025 9:04 PM

views 10

আকাশবাণী গুৱাহাটীৰ অহা ২৫ অক্টোবৰৰ দৃষ্টিপাত অনুষ্ঠানৰ বিষয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ

১৯৮৫ চনৰ ২৪ মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎ‍সালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅ'লৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ ৷ অহা ২৫ অক্টোবৰৰ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানৰো বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্ম লগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া-কৰ্মচাৰী আৰু পৰিৱেশ...

October 15, 2025 9:31 PM October 15, 2025 9:31 PM

views 13

অসমত যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা ১৮ অক্টোবৰত বিশেষ ‘দৃষ্টিপাত’

অসমত ৰে’ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰে'ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৮ অক্টোবৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্রিদীপ লহকৰ আৰু অসম ৰে’লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ব...

October 11, 2025 1:37 PM October 11, 2025 1:37 PM

views 10

আকাশবাণী গুৱাহাটীৰ আজিৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী, কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী

আকাশবাণীৰ সৈতে সম্পৰ্ক আৰু আকাশবাণীৰ বৰ্তমানৰ অনুষ্ঠানসমূহৰ মান সম্পৰ্কত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আগবঢ়োৱা মতামতে আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব এটা বিশেষ দৃষ্টিপাত। এই অনুষ্ঠানত ভাগ ল’ব বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী,  অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ধীৰেন্দ্ৰ নাথ শ‍ইকীয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া শেৱালী চৌধুৰী, বিশিষ্ট শিল্পী, বনচাই বিশেষজ্ঞ লাবু সেনাপতি আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শর্মাই। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপ...