May 30, 2025 8:27 PM

views 25

বেয়া বতৰৰ বাবে বৰঝাৰ বিমান বন্দৰত কেইবাখনো বিমান যাত্ৰাৰ চলাচল বিলম্ব

বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত হোৱা বৰষুণ আৰু বতাহৰ ফলত আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ চলাচল কৰা কেইবাখনো বিমানৰ যাত্ৰাত বিলম্ব ঘটে। কেইবাখনো বিমান গুৱাহাটীৰ পৰিৱৰ্তে আন বিমানবন্দৰলৈ পঠিয়াবলগীয়া হয়। আজি দিল্লী, চেন্নাই আৰু লক্ষ্ণৌৰ পৰা গুৱাহাটীলৈ অহা ৫ খন বিমান কলকাতাৰ নেতাজী সুভাষ আন্তর্জাতিক বিমান বন্দৰলৈ ঘূৰাই পঠিওৱা হয় । আহমদাবাদ আৰু মুম্বাইৰ পৰা গুৱাহাটীলৈ অহা এখন বিমান আগৰতলালৈ ঘূৰাই পঠিয়াবলগীয়া হয়। আজি গুৱাহাটীৰ পৰা উৰা মৰা আৰু গুৱাহা...