June 12, 2025 8:48 PM

views 9

আহমেদাবাদৰ মেঘানি নগৰত  এয়াৰ ইণ্ডিয়াৰ AI-171 বিমানৰ দুৰ্ঘটনাত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রীৰ গভীৰ শোক প্ৰকাশ

দুগৰাকী পাইলট আৰু ১০গৰাকী চালক দলৰ সদস্যসহ মুঠ ২৪২গৰাকী লোক কঢ়িয়াই নিয়া লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ সমীপৰ মেঘানি নগৰত দুর্ঘটনাগ্রস্ত হয়। দুর্ঘটনাগ্রস্ত AI-171 বিমানখনত ১৬৯গৰাকী ভাৰতীয় নাগৰিকৰ লগতে ৫৩গৰাকী ব্ৰিটেইনৰ, এগৰাকী কানাডাৰ আৰু সাতগৰাকী পর্তুগীজৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ পাছত প্ৰয়োজনীয় সকলো ধৰণৰ সহায়ৰ বাবে মন্ত্ৰালয়ে ০১১-২৪৬১০৮৪৩ আৰু ৯৬৫০৩৯১৮৫৯ নম্বৰ দুটা মুকলি কৰি দিছ...