September 17, 2025 6:56 PM September 17, 2025 6:56 PM
13
এইমছ গুৱাহাটীত সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত
এইমছ গুৱাহাটীত আজি সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজিৰে পৰা ২ অক্টোবৰলৈ গ্ৰহণ কৰা অভিযানৰ অংশ হিচাপে এই শিবিৰ মুকলি কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই শিবিৰটো মুকলি কৰে। কাৰ্যসূচীৰ অধীনত ৰক্তদান অভিযান, পুষ্টি অভিযান, মহিলাৰ কৰ্কট ৰোগ, মানসিক স্বাস্থ্য আৰু ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে স্বাস্থ্য পৰীক্ষাও কৰা হ'ব।