September 10, 2024 6:54 PM

views 11

নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি

অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানে আজি নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে এটা সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি কৰে। ৰাষ্ট্ৰীয় ঔষধনিৰ্ভৰ চিকিৎসা কেন্দ্ৰ আৰু হাঁওফাঁও, জটিল আৰু নিদ্ৰাজনিত ৰোগৰ চিকিৎসা বিভাগৰ সহযোগত এই কেন্দ্ৰটো বিকশাই তোলা হৈছে। ধঁপাতৰ প্ৰতি আসক্তিত ভোগা লোকসকলক সহায় কৰাই এই উদ্যমৰ মূল উদ্দেশ্য। এই কেন্দ্ৰটো মুকলি কৰি দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান-এইম্‌ছৰ সঞ্চালক ডাঃ এম শ্রীনিবাসে কয় যে ‘ধঁপাতমুক্ত এইম্‌ছ’ উদ্যমৰ অংশ হিচাপে সুস্থ বাতাৱৰণ গঢ়ি তোলাৰ দিশৰ প...