March 27, 2025 8:17 PM March 27, 2025 8:17 PM
3
গুৱাহাটীৰ এইমছত চেণ্টাৰ ফৰ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং এণ্ড ছিমুলেছন নামৰ আধুনিক চিকিৎসা প্রশিক্ষণ কেন্দ্ৰ মুকলি
এইমছ গুৱাহাটীত আজি চেণ্টাৰ ফৰ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং এণ্ড ছিমুলেছন নামৰ এটা আধুনিক চিকিৎসা প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। এইমছ গুৱাহাটীৰ সঞ্চালক ডাঃ অশোক পৌৰাণিকে কেন্দ্ৰটো মুকলি কৰে। কেন্দ্ৰটো উদ্বোধন কৰি দিয়া ভাষণত সঞ্চালকগৰাকীয়ে কয়, যে এই কেন্দ্ৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীৰ উপৰি সাধাৰণ শ্ৰেণীৰ লোকেও চিকিৎসা প্ৰণালী সন্দৰ্ভত প্ৰশিক্ষণ ল'ব পাৰিব। কেন্দ্ৰটোত চিকিৎসা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে তাৎক্ষণিকভাৱে বিভিন্ন দিশত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰ...