September 14, 2025 12:18 PM

views 97

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ দ্বাৰা AIIMS Disha এপ’ মুকলি

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কালি AIIMS Disha নামৰ এটা কৃত্রিম বুদ্ধিমত্তা আৰু আই অ' টি সমর্থিত আভ্যন্তৰীন দিক্ নিৰ্দেশনা এপ' মুকলি কৰে। এই এপৰ জৰিয়তে চিকিৎ‍সালয়সমূহত ৰোগী, দৰ্শনাৰ্থী আৰু চিকিৎসাকর্মীসকলে স্মার্ট ফোনৰ সহায়েৰে চিকিৎসালয়ৰ আভ্যন্তৰীন দিক্ নিৰ্দেশনা লাভ কৰিব। ইয়াৰ ফলত ৰোগী, দৰ্শনাৰ্থীসকলে চিকিৎসকৰ কোঠা বিচাৰি কৰা সময় অপচয় ৰোধ হোৱাৰ লগতে অভ্যর্থনা কক্ষত হোৱা সময়ৰ অপচয় ৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই এপ'টোৱে ৰোগী আৰু হাস্পতাল কর্তৃপক্ষক সমানে সহায় কৰিব।