December 14, 2025 12:12 PM

views 36

এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান- এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে প্রকাশ কৰা অনুসৰি এই ৰোগত ভাৰতৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহিলাবিধ প্ৰস্তুত কৰা হৈছে। পশ্চিমীয় দেশসমূহৰ তুলনাত শেহতীয়াকৈ ভাৰতত কম বয়সতেই বহুতো লোক ষ্ট্ৰোকত হৈ আছে বুলিও প্রতিষ্ঠানখনে লগতে প্ৰকাশ কৰিছে। এইমছে লগতে এই বুলিও প্ৰকাশ কৰিছে যে এই আহিলা বিধৰ সহায়ত দক্ষিণ-পূৱ এছিয়াত এতিয়ালৈকে ৩০০ৰো অধি...

August 18, 2025 9:21 PM

views 30

খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত

কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। ডাঃ সঞ্জয় এগৰাকী প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ হোৱাৰ উপৰি গৱেষক, শিক্ষাবিদ, লেখক, সুবক্তা, কবি আৰু সমাজকৰ্মী হিচাপেও খ্যাতি অৰ্জন কৰিছে। কেইবাটাও জটিল অস্ত্ৰোপচাৰ, চিকিৎসা বিষয়ক গৱেষণা আৰু সামাজিক ক্ষেত্ৰত কৃতিত্বৰ বাবে তেওঁৰ নাম গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছতো অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে দেশৰ চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এইমছ অগ্ৰণী প্ৰতিষ্ঠান হিচা...

December 30, 2024 8:32 PM

views 38

এইমছৰ ট্ৰমা কেন্দ্ৰৰ চৌহদত জটিল ৰোগৰ চিকিৎসা কক্ষ স্থাপন

অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান-এইমছৰ ট্ৰমা কেন্দ্ৰৰ চৌহদত জটিল ৰোগৰ চিকিৎসা কক্ষ স্থাপন কৰা হব বুলি প্ৰতিষ্ঠানটোৰ সঞ্চালক এম শ্রীনিবাসে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনিৱাসে কয়, যে ২০০খন বিচনাযুক্ত এই কক্ষত গুৰুতৰ অৱস্থাত থকা ৰোগীসকলক তৎকালে চিকিৎসা প্ৰদান কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে বাজেটত অনুমোদন জনোৱা হৈছে আৰু অহা দুবছৰত এই জটিল ৰোগৰ চিকিৎসা কক্ষটো চিকিৎসাৰ বাবে সাজু হৈ উঠিব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ইয়াৰ ফলত প্ৰতিদিনে ৭শৰ প...

October 29, 2024 7:34 PM

views 32

এইমছৰ চাংসাৰিস্থিত চৌহদত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত আয়োজিত বিশেষ অনুষ্ঠানৰ জৰিয়তে দেশৰ স্বাস্থ্যখণ্ডৰ সেৱাসমূহৰ উন্নীতকৰণৰ উদ্দেশ্যে ভার্চুৱেল ব্যৱস্থাৰে ১২ হাজাৰ ৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ স্বাস্থ্য খণ্ড প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে এইমছৰ চাংসাৰিস্থিত চৌহদত আয়োজিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভালেকেইগৰাকী সাংসদ আৰু বিধায়কে এই কার্যসূচীত অংশ লয়। এই অনুষ্ঠানযোগে প্রধানমন্ত্ৰীগৰাকীয়ে লগতে দেশৰ স্বাস্থ্য আৰু সম্পদৰ দিশত তেও...

June 27, 2024 8:31 PM

views 35

ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা কৃষ্ণ আদৱানীক ঘৰলৈ যাবলৈ দিয়া হৈছে

প্রবীন বিজেপি নেতা লাল কৃষ্ণ আদৱানীক আজি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। বার্ধক্যজনিত কিছু জটিলতাৰ পৰিপ্ৰেক্ষিতত যোৱা নিশা বর্ষিয়ান নেতাগৰাকীক এইমছত ভৰ্তি কৰোৱা হৈছিল। অসুস্থতাৰ বাবে ৯৬ বছৰীয়া নেতাগৰাকীক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছিল।

April 23, 2024 12:51 PM

views 45

আজি উত্তৰাখণ্ডলৈ যাব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰাখণ্ডত উপস্থিত হ'ব। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান (এইমছ) ঋষিকেশত সমাৱর্তন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তেওঁ ঋষিকেশৰ পৰমাৰ্থ আশ্ৰমৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ লগতে সন্ধিয়া গংগা আৰতীত উপস্থিত থাকিব। কাইলৈ ভাৰতীয় বন সেৱাৰ সমাৱর্তন অনুষ্ঠানতো ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।