December 4, 2024 8:32 PM

views 10

অভিনেত্রী সীমা বিশ্বাসলৈ ২০২৪ বৰ্ষৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক ২০২৪ বৰ্ষৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হ'ব। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ অহা ১৭ ডিচেম্বৰত মৃত্যু তিথি উপলক্ষে তেওঁৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰিব । গোলাঘাট জিলাৰ বোকাখাত নাট্য মন্দিৰত আয়োজিত এখন সংবাদ মেলত আজি লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুবর্ণ শ‍ইকীয়াই এই বঁটা প্ৰদানৰ কথা ঘোষণা কৰে।