May 30, 2025 8:48 PM

views 20

ভাৰতে কৃত্রিম বুদ্ধিমত্তা অভিযানত বিশেষ সাফল্য লাভ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য

কেন্দ্ৰীয় ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰতে কৃত্রিম বুদ্ধিমত্তা অভিযানৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰিছে। নতুন দিল্লীত আয়োজিত ইণ্ডিয়া এ আই মিছন মেক ইন ইণ্ডিয়া আৰু মেক এ আই ফৰ ইণ্ডিয়া শীৰ্ষক কার্যসূচীত ভাষণ দি শ্রীবৈষ্ণৱে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰযুক্তিক গণতন্ত্ৰৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এটা বিশেষ লক্ষ্য আছে যাতে নির্দিষ্ট কিছুসংখ্যক লোকৰ মাজতে প্ৰযুক্তি সীমাবদ্ধ হৈ নাথাকি সমাজৰ গৰিষ্ঠ সংখ্যক লোকে প্রযুক্তিক আঁকোৱালি ল'ব পাৰে। তেওঁ কয় ...