October 22, 2025 7:23 PM October 22, 2025 7:23 PM
25
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ শিক্ষাৰ্থীৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত হ'বলগা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে আজি অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২০ নৱেম্বৰত এই অনলাইন প্ৰক্ৰিয়াৰ অন্ত পৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অফলাইন প্ৰ-পত্ৰ পূৰণৰ ব্যৱস্থা নাথাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এটা নিৰ্দেশযোগে জানিবলৈ দিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে প্ৰতিখন শ...